অচিনাকী আপোন

এনে বহু মানুহ আছে যাক আমি জীৱনত হয়তো কেতিয়াও লগ নাপাওঁ বা কেতিয়াও কথা পতাও নহয়, কিন্তু মনে মনে সৌভাগ্যৱান যেন লাগে নিজকে তেওঁলোক যে আছে বা আছিল, তাৰ বাবে। কেতিয়াবা যেতিয়া বৰ অকলশৰীয়া অনুভৱ হয় তেওঁলোকে লিখা কথাবোৰে, বা অঁকা ছবিবোৰে, বা গোৱা গানবোৰে, বা কৰা চিনেমাবোৰে, বা বনোৱা মীমবোৰে- সাহস দি যায় হৃদয়ত,Continue reading “অচিনাকী আপোন”

ফাগুনৰ বতাহ

সকলো শেষ হোৱাৰ পাছতো ৰৈ থাকে ফাগুন। ভগ্ন হৃদয়বোৰক সিহঁতৰ মূল্য সোঁৱৰাই সৰা পাতবোৰত নতুনৰ প্ৰতিশ্ৰুতি দি যায়গৈ ফাগুন। মানুহক মানুহ হিচাপে বুজিবলৈ শিকাই এবছৰলৈ হেৰাই যায় ফাগুন। আকৌ আহিব ফাগুন।

আপোন

কেঁচা আলিৰ বোকা গচকি পাতলীয়া বৰষুণে চুই যোৱা থৰক বৰক দেহাৰেই মোৰ ওচৰলৈকে আহে আইতাগৰাকী । গাত হাত বুলাই কৈ যায় – তোক চাই যাওঁ বুলিয়েই আহিলো, ভালকৈ থাকিবি | নামঘৰীয়া ককাই বাটত লগ পাওঁতে মোলৈ চাই এটি খোলা হাঁহি মাৰে আৰু সুধে – ভালনে? কেতিয়া আহিলি তই ? ককাই ধমক দিছিল আগতে সেই ধমকContinue reading “আপোন”

সময়

হতাশাৰ মূহুৰ্তবোৰত মাত দিয়া মানুহবোৰে চিৰদিনলৈ হৃদয়ত সাঁচ ৰাখি যায়। এনে মানুহ কমি যোৱা নাই। মাথোঁ ইমান দূৰ হৈ গৈছে মানুহবোৰ যে কথা জনাৰ নাইবা জনোৱাৰ সুযোগবোৰহে কমি গৈছে। কেৱল তথ্যবোৰৰ মাজত ডুবি থাকোঁতে, তথ্যবোৰ পোৱাৰ তীব্ৰ গতিয়ে, তথ্যৰ সীমাহীনতাই , প্ৰতিটো তথ্যৰ লগত জড়িত হৈ থকা আৱেগবোৰ ফোঁপোলা আৰু ক্ষণস্থায়ী কৰি দিয়ে।

Create your website at WordPress.com
Get started