উদ্ভাসিত ( অন্তিম খণ্ড)

মােৰ কাৰণে আজিটো ডাঙৰ দিন। বহুত ডাঙৰ। মই সাক্ষী হলাে মােৰ জীৱনটোৰ আৰু এতিয়া সাক্ষী হ’ম নিজৰ সপোন বাস্তৱ হৈ উঠাৰ। সঁচাই বৰ আচৰিত যেন লাগিছে নিজকে আজিৰ ৰূপত। বিশ্বাস কৰিবলৈ টান বহুত। মােৰ কাৰণে টান নহয় কিন্তু মাৰ কোলাত থকা ,পপীয়া তৰাটো দেখি প্ৰশ্ন কৰা মইটোৰ বাবে। সি বাৰু কেনেকুৱা কৰিলেহেঁতেন আজি? আজিৰ এইContinue reading “উদ্ভাসিত ( অন্তিম খণ্ড)”

উদ্ভাসিত ( ষষ্ঠ খণ্ড )

সময় গৈ আছিল। ময়াে ডাঙৰ হৈ গৈ আছিলাে। মােৰ সপােনে এতিয়াও মােক এৰি থৈ যােৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ বছৰ পাইছিলহি। স্কুলত আশা কৰিছিল সকলােৱে ভাল ৰিজাল্ট। ঘৰতাে কৰিছিল। অঞ্চলৰ মানুহেও লগ পালেই পঢ়াৰ কথা সুধিছিল। মই পঢ়াৰ কথা সুধিলে ভালেই পাইছিলাে। প্রস্তুতি বেয়া হােৱা নাছিল। মাজে মাজে হতাশা হৈছিল কিজানি ৰিজাল্ট বেয়াContinue reading “উদ্ভাসিত ( ষষ্ঠ খণ্ড )”

উদ্ভাসিত ( পঞ্চম খণ্ড)

দেউতা চৰকাৰী চাকৰিয়াল বাবে ইলেকচনৰ ডিউটি কৰিব লগা হৈছিল। পাঁচবছৰৰ মূৰে মূৰে আহিছিল ইলেকচন। মই বৰ বুজি নাপাইছিলো। পিছে বাতৰিকাকত পঢ়ি অলপ ধাৰণা এটা হৈছিল। আইতাৰ লগত জুইশালত বহি আছিলাে। ভণ্টিয়ে সুধিছিল আইতাক ইলেকচন মানে কি। আইতাই কৈছিল। আইতাই কোৱাৰ পাছত ভণ্টিয়ে অলপ সময় ভাবিছিল। তাৰ পাছত তাই সুধিছিল সকলােৰে ঘৰৰ অৱস্থা একে কিয় নহয়।Continue reading “উদ্ভাসিত ( পঞ্চম খণ্ড)”

উদ্ভাসিত (চতুৰ্থ খণ্ড)

মোৰ সপোন মোৰ লগতেই একেলগে ডাঙৰ হৈ আহিছিল। ডাঙৰ মানে অন্য নহয়- ম‌ই তেতিয়ালৈ জানিছিলো বহু কথা। মোৰ সপোনৰ কথা। ইতিমধ্যে ভণ্টিও স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। তাই স্কুললৈ যাবলৈ ভাল পোৱা নাছিল। তাই পিছে কন্দা কটা কৰাবিধৰ নাছিল। নিজে ঘৰলৈ গুছি গুছি আহিছিল।মা সেয়ে গোটেই দিনটো স্কুলত তাইৰ কাৰণে থাকিব লাগিছিল। মই পঢ়াত ভাল আছিলো,Continue reading “উদ্ভাসিত (চতুৰ্থ খণ্ড)”

উদ্ভাসিত ( ৩য় খণ্ড)

সময় পাৰ হৈছিল। ম‌ই স্কুল যাব পৰা হৈছিলো। ভণ্টিও অলপ ডাঙৰ হৈছিল। তাইৰ মুখত দুই এটা কথা ফুটিবলৈ লৈছিল। মোক মাহঁতে ওচৰৰ প্ৰাথমিক বিদ্যালয়তে নাম লগাবলৈ ঠিক কৰিছিল। দিনটো আহি পৰিছিল। মায়ে জোতা মোজা পিন্ধাই দিছিল। ভালদৰে ইউনিফৰ্মো পিন্ধাইছিল। দেতাই কৈছিল লৰালৰি কৰিবলৈ। আইতাক সেৱা কৰিছিলো। আইতাই মূৰত হাত ফুৰাই কৈছিল, – ভালকৈ পঢ়িবা সোণতো।Continue reading “উদ্ভাসিত ( ৩য় খণ্ড)”

উদ্ভাসিত (২)

মোৰ সপোনে মোক এৰি দিয়া নাছিল। মই য’লৈকে নাযাও কিয় মোৰ লগতেই গৈছিল সি। মায়ে ইতিমধ্যে অকণমানি ভণ্টিক বেছি সময় দিবলগীয়া হৈছিল। মই অকলশৰীয়া হোৱা নাছিলো। মোৰ লগত মোৰ সপোন আছিল, আৰু আছিল মোৰ আইতা। – আইতা, আপুনি আকাশলৈ গৈ পাৰিছেনে? – নাই পোৱা অ’। -ককানো কেনেকৈ গ’ল তেতিয়াহ’লে? – ককা‌ ঢুকাল যে, ভগৱানে লৈContinue reading “উদ্ভাসিত (২)”

উদ্ভাসিত ( প্ৰথম খণ্ড)

সপোনৰ শেষ থাকেনে নাই ম‌ই নাজানো। পিছে ইয়াৰ এটা আৰম্ভণি হ’লে থাকে। অন্ততঃ মোৰ ক্ষেত্ৰত। মোৰ সপোনটোৰো এদিন আৰম্ভণি হৈছিল। দিন তাৰিখ মনত ৰাখিব পৰাকৈ ম‌ই সিমান বুজিব পৰা বয়সৰ হোৱা নাছিলো । তেনেকৈয়ে আৰম্ভ হৈ গৈছিল সপোনৰ। কোনো আগজাননী নিদিয়াকৈ। নিশাৰ আকাশখনৰ আনবোৰ তৰাৰ মাজতেই হঠাতে পাৰ হৈ যোৱা পপীয়া তৰাটো দেখি ভাঁহি আহিছিলContinue reading “উদ্ভাসিত ( প্ৰথম খণ্ড)”

Create your website at WordPress.com
Get started