প্ৰাণ আৰু প্ৰাণ

(24/11/2017) ইমানদিনে কাৰ বাবে সাঁচি ৰাখিছোঁ মোক অস্থিৰ কৰি ৰখা চকুপানীৰ টোপালটোক? জীৱন! কিয় বুজা নাই মই জীৱনক! বাৰে বাৰে চকুৰ ফালৰ দুৱাৰখন ভাঙি ওলাব খোজে সেই টোপালটো | কিয় সান্তনাৰে সজতনে থৈছোঁ তাক? বুজি নাপাওঁ কিজানি সেইদিনৰ বাবেই যিদিনা বহুৰাতিৰ ভোক প্ৰাণত লৈও হাঁহিব জনা মানুহবোৰে বন্ধ কৰিব নিজক বুজনি দিয়া আৰু শিকিব ভাবিবলৈ … Continue reading প্ৰাণ আৰু প্ৰাণ

Advertisements

জীৱন বাস্তৱ হ‌ওক

জীৱনক এখন এখন স্ক্ৰীণত আবদ্ধ কৰা আমিবোৰে নিজৰ গুৰুত্ব বুজিবলৈ লৈছো আমাৰ স্ক্ৰীণবোৰত ভাঁহি অহা আনৰ পছন্দ (লাইক) মন্তব্য (কমেণ্ট) অথবা দৰ্শনৰ(ভিউজ) সংখ্যাৰে। আমি 'আমি' হ'ব লাগিব। তেওঁ নাজানে তোমাক তুমি নাজানা তেওঁক জানিবলৈ চোৱাচোন তেওঁ যেতিয়া বাস্তৱ হৈ তোমাক এষাৰ মাত দিয়ে তুমি 'তুমি' হোৱা তেওঁ 'তেওঁ' হ‌ওক শব্দবোৰ সঁচা হ‌ওক দৌৰবোৰে অৰ্থ পাওক … Continue reading জীৱন বাস্তৱ হ‌ওক

পথ হেৰুৱা পথিকক হাতত ধৰি নোৱাৰিলেও এষাৰ‌ মাতেৰেও তেওঁৰ পথৰ ঠিকনা দিব পাৰি । বিনিময়ত একো নাপালেও কিবা জানো হেৰায় ?

জয়ৰ আনন্দ বেছি পৰ নিটিকে The happiness of winning does not last long পৰাজয়ৰ বিষাদো সদায় নাথাকে The sadness of losing does not stay forever শিকাৰ মূল্য আজীৱন ৰৈ‌ যায় The value of learning remains for the lifetime.

মোৰ বন্ধু পৃথিৱীত যিমানেই পৰিবৰ্তন নহওক কিয় তোৰ দৰে মানুহবোৰে মোক মই হৈ থকাত সহায় কৰে । তোৰ সৰলতাৰ মান পৃথিৱীৰ বজাৰবোৰৰ জটিলতাই যাতে হেয় কৰিব নোৱাৰে চাবি ভালকৈ । তই তোৰ সপোন চুগৈ যা মই জানো কেৱল নামৰ পাছত দৌৰা মানুহৰ মাজত তই জিলিকি থাকিবি, নীৰৱে ।

মাজ ৰাতিৰ এই স্থিৰতাই ঢাকি ৰাখে নেকি পুৱাৰ অনিশ্চয়তাৰ সংকেত ? Does this stillness Of the midnight Hide the uncertainty of tomorrow ?

হাত মেলিলেই চুব পৰা এই অকণমান দূৰত্বৰ মূল্যৱান মুকুতা-মণিবোৰ সদায় হেৰুৱাওঁ মই । I always miss the opportunity To have the pearls That touch my soul , That exist in this small distance from myself.

এটাই সান্তনা ( I try to find solace) (Pronounciaton - atai santana) এই আকাশ আমি সকলোৱে ভগাই লওঁ( In the fact that we all share this sky) ( ai akash ami sakalue bhogai lou) পৃথিৱীৰ সকলো চুকত কিজানি বিচাৰি পাম মোক (Maybe I can find myself anywhere on the Earth) ( prithibir sakalu sukot kijani … Continue reading

শেষ সপ্তাহ

কাইলৈ মায়ে পায়স গোটাইছে | পুৱা আঠটাতে ল'ৰা ছোৱালীবোৰ আহিব | মই সৰু হৈ থাকোতেই প্ৰথমবাৰ এনে কৰিছিল | সেইবাৰ ক শ্ৰেণীৰ পৰীক্ষা আছিল | মোৰ মনত আছে, পিছৰ বছৰ প্ৰথম শ্ৰেণীৰ পৰীক্ষাৰ এবেলা শেষ হওঁতে জিৰণিৰ পৰত দেতাই পায়স লৈ গৈছিল টিফিনত | পিছে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে সময়চোৱাত পায়সখিনি চেঁচা হৈ পৰিছিল | এতিয়া … Continue reading শেষ সপ্তাহ

কল্পনাৰ পৃথিৱীৰ অভিজ্ঞতা

কাল্পনিক সাগৰখনত বহুদিন ঘূৰিলো যি বিচাৰিছিলো পালো - নীৰৱতা, নিস্তব্ধতা, নিঃসংগতা| আজি উভতি চাওঁতে দেখিলো একোৱেই নাই মোৰ হাতত অতদিনে চাগৈ বাস্তৱ পৃথিৱীৰ মোৰ চিনাকীসকলেও পাহৰিলে মোক নিশ্চয় কোনোবা আহি পূৰাই থৈ গ'ল মোৰ খালি ঠাই | আমুৱাইছে মোৰ আৰু মই ঘূৰি যাবই লাগিব পাৰ পালেও নাপালেও অন্ততঃ উপভোগ কৰিম ঘূৰি অহাৰ সংঘৰ্ষ ; নিজৰ … Continue reading কল্পনাৰ পৃথিৱীৰ অভিজ্ঞতা