গল্প লিখিম বুলি ভাবিছিলোঁ, বেলেগ কিবাহে হ’ল!
”…ধাতুৰ মুক্ত ইলেক্ট্ৰনৰ ক্ষেত্ৰত থকা এই শক্তি বণ্টনৰ কাৰণে ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত হ’বলৈ বেলেগ বেলেগ ইলেক্ট্ৰনক বেলেগ বেলেগ পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় |..”
পদাৰ্থ বিজ্ঞানৰ NCERTৰ কিতাপখনত এই বাক্যটো পোৱাৰ লগে লগে মোৰ মনত কোলাহলৰ সৃষ্টি কৰি থকা চিন্তাবোৰ শান্ত হৈ পৰিল |
মুক্ত ইলেক্ট্ৰন আছে বাবেই ধাতুবোৰ কিছুমান বিশেষ ধৰ্মৰ গৰাকী যাৰ আশা কোনো অধাতুৱে কৰিব নোৱাৰে |কিহে পৃথক কৰে সেই ইলেক্ট্ৰন কেইটাক অন্যবোৰৰ পৰা ? মুক্তিৰ আকাংক্ষাই নহয় জানো!
আমিও গঠিত ইলেক্ট্ৰনেৰে | আমিও আবদ্ধ সেই নীতি নিয়মৰ বন্ধনেৰে | মই পিছলৈ চাই দেখোঁ, যিসকলে মানৱ জাতিক আজিৰ স্তৰলৈ আনিছে সেইসকলো সেই মুক্ত ইলেক্ট্ৰনৰ দৰেই | তেওঁলোক কিবা নহয় কিবা কাৰণত মুক্ত হৈ পৰিছিল আৰু তাৰ পিছৰ পৰ্যায়ত ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত ইলেক্ট্ৰন ওলাই যোৱাৰ দৰেই তেওঁলোকো চিৰদিনৰ বাবে তেনে বন্ধনৰ পৰা ওলাই আহিছিল |
ইলেক্ট্ৰনবোৰ পৰমাণুৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ পাছতো পৃষ্ঠখনৰ পৰা ওলাই আহিব নোৱাৰে যেতিয়ালৈকে এক নিৰ্দিষ্ট পৰিমাণৰ শক্তি লাভ নকৰে | সেই শক্তিয়েই হ’ল কাৰ্য ফলন | অৰ্থাৎ সম্পূৰ্ণৰূপে মুক্ত হ’বলৈ ইলেক্ট্ৰনক দুটা পৰ্যায়ৰ প্ৰয়োজন – নিজৰ পৰমাণুৰ বন্ধনৰ পৰা মুক্ত হোৱা আৰু তাৰ পিছত অন্য কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা যিটো হ’ল কাৰ্য ফলন | মানুহৰ ক্ষেত্ৰত দেখোঁ, মুক্তিৰ আকাংক্ষাই মানুহক বন্ধনৰ পৰা মুক্ত কৰে ঠিকেই কিন্তু তেতিয়ালৈকে সম্পূৰ্ণৰূপে মুক্ত নহয় যেতিয়ালৈকে তেওঁ এক শক্তি লাভ কৰা যেন অনুভৱ নকৰে | পৰ্যায়ক্ৰমে যদি যাওঁ, মুক্তিৰ আকাংক্ষা মানুহৰ ক্ষেত্ৰত উপজে চিন্তাৰ পৰা, চিন্তা আহে অধ্যয়নৰ পৰা | অধ্যয়নক কেৱল গ্ৰন্থৰ লগতেই জড়িত কৰিলে হয়টো ভুল হ’ব কাৰণ গ্ৰন্থত থাকে মানুহৰ জীৱনৰ অভিজ্ঞতা | কোনোবা নহয় কোনোবাই সেই অভিজ্ঞতাৰ সন্মূখীন হৈছিল বাবেহে সেয়া গ্ৰন্থৰ ৰূপত পাইছোঁ | সেই অভিজ্ঞতাও আকৌ বাস্তৱো হ’ব পাৰে আৰু কাল্পনিকো হ’ব পাৰে | মুঠৰ ওপৰত যিদিনাই চিন্তা কৰিবলৈ ধৰে সেইদিনাই মানুহক মুক্ত ইলেক্ট্ৰনৰ লগত তুলনা কৰিব পাৰি |
তাৰ পিছৰ পৰ্যায়টো হ’ল সম্পূৰ্ণৰূপে মুক্ত হোৱাটো | ধাতুৰ পৃষ্ঠৰ মুক্ত ইলেক্ট্ৰনখিনি কাৰ্য ফলনৰ সমান শক্তি পাই ওলাই যায় যদিও প্ৰত্যেক ধাতুৰে সেই ফলনৰ মান বেলেগ বেলেগ হয়| গতিকে মানুহৰো সেই শক্তিৰ মান বেলেগ বেলেগ | কোনোবাই ওলাই যাব পৰাকৈ শক্তি যেতিয়াই পায়, তেতিয়াই তেওঁ মুক্ত হৈ পৰে সম্পূৰ্ণৰূপে| পৰমাণুৰ বন্ধনৰ পৰা মুক্ত হৈও সম্পূৰ্ণৰূপে ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত হ’ব নোৱাৰা ইলেক্ট্ৰনৰ মনৰ ভাৱ কেনে হয় তাক জনাৰ উপায় নাই | আৱেগ অনুভূতিৰ জীৱ হিচাপে যিসকল মানুহৰ তেনে হয় তেওঁলোকে নিশ্চয় সম্পূৰ্ণৰূপে মুক্ত নোহোৱাৰ দুখ অনুভৱ কৰে | দুখ লগাটো স্বাভাৱিক এইটো জনাৰ পাছত যে নিজৰ মাজত অনেক সম্ভাৱনা আছে কিবা কৰাৰ, অথচ কৰিব পৰা নাই |
অৱশ্যে সম্পূৰ্ণৰূপে মুক্ত হোৱাসকলৰ বাহিৰেও এই আংশিকভাৱে মুক্ত সকলেও বহুখিনি অৱদানেই আগবঢ়ায় সভ্যতালৈ |
পিছে ইলেক্ট্ৰনৰ ক্ষেত্ৰত তাক ধৰি ৰখা সেই বন্ধনকো ওলাই কৰিব নোৱাৰি | সেই বন্ধন নথকাহ’লে ইলেক্ট্ৰনবোৰ এনেই অৰ্থহীনভাৱে ঘূৰি ফুৰিলেহেঁতেন | তেতিয়া সিহঁত লগো নাখালেহেঁতেন, পৃথিৱী, মানুহ আদিও গঠন নহ’লহেঁতেন | সিহঁতে সদায় ইটোৱে সিটোৰ লগত খুন্দা-খুন্দলি মৰাৰো ৰাস্তা খোলা থাকিলহেঁতেন | একেই দিশৰ পৰা চাবলৈ গ’লে মানুহকো সেই বন্ধনৰো প্ৰয়োজন | বন্ধনত থাকিও যিবোৰ ইলেক্ট্ৰন মুক্ত হৈছে সিহঁতকহে মুক্ত ইলেক্ট্ৰন বুলিছে আৰু সিহঁত সেইবাবেহে বিশেষ হৈছে যে অন্যবোৰ বন্ধনত আছে | মানুহৰ ক্ষেত্ৰতো সেয়েই | কোনো যদি মুক্ত হৈছে তেওঁৰ কান্ধত দায়িত্ব থাকে সেই বন্ধনকো স্বীকৃতি দিয়াৰ আৰু তেওঁৰ মুক্ত হোৱা পৰিঘটনাটো বিশেষ হৈ পৰাৰ কাৰণ সেই বন্ধনত আবদ্ধসকলৰ বাবে অৰ্থাৎ মানৱ জাতিৰ ভালৰ বাবে কাম কৰাৰ |
জীৱনৰ মাজতো বিজ্ঞান লুকাই থাকে ৷ এটি উচ্চ মানদণ্ডৰ অনুভৱ ৷ আগলৈয়ো লিখি যাবি ৷
LikeLiked by 1 person
I don’t see a “translate” button here, to click for reading in English.
LikeLiked by 1 person
Sorry for that. I’ll try to publish the translated version later.
LikeLike
You can add the Google Translate button to your blog–it’s found in the Settings–Appearance/widgets. That’s what I have 🙂
LikeLiked by 1 person
Okay. Thank you!
LikeLike
You’re most welcome 🙂
LikeLiked by 1 person