উদ্ভাসিত ( ষষ্ঠ খণ্ড )

সময় গৈ আছিল। ময়াে ডাঙৰ হৈ গৈ আছিলাে। মােৰ সপােনে এতিয়াও মােক এৰি থৈ যােৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ বছৰ পাইছিলহি। স্কুলত আশা কৰিছিল সকলােৱে ভাল ৰিজাল্ট। ঘৰতাে কৰিছিল। অঞ্চলৰ মানুহেও লগ পালেই পঢ়াৰ কথা সুধিছিল। মই পঢ়াৰ কথা সুধিলে ভালেই পাইছিলাে। প্রস্তুতি বেয়া হােৱা নাছিল। মাজে মাজে হতাশা হৈছিল কিজানি ৰিজাল্ট বেয়া হ’ব। মই মাক কৈছিলাে তেতিয়া। মায়ে ৰিজাল্টৰ কথা নাভাবিবলৈ কৈছিল। কোনাে হেঁচা নােলােৱাকৈ পঢ়িবলৈ কৈছিল। মাৰ কথাই সাহস দিছিল। পৰীক্ষা হৈ গৈছিল। ভালেই হৈছিল। ভন্টিও ডাঙৰ হৈ আহিছিল। এদিন তাই মােক তাইৰ কবিতা এটা দেখুৱাইছিল।
– দাদা বস্তু এটা চাবি নে?, এতিয়া আমি ইটোৱে সিটোক ত‌ই বুলি মাতিবলৈ লৈছিলো।
– কি নো?
-চাবি নে? এ নেদেখুৱাও থ।”

তাই মােক কবিতাটো দিছিল। মই পঢ়ি অভিভূত হৈছিলাে। তাইক আৰু লিখিবলৈ কৈছিলো। তাই ছবি অঁকাটো ভাল আছিল। তাইৰ ইতিমধ্যে আমাৰ ঘৰৰ আৰু স্কুলৰ লাইব্রেৰীৰ সকলাে কিতাপ পঢ়ি শেষ হৈছিল। মােতকৈ তাই কিতাপ বেছি পঢ়িছিল।

মোৰ লগৰকেইটাও বিভিন্ন ধৰণৰ প্রতিভাৰ গৰাকী আছিল। গান,নাচ,অভিনয় এইবোৰ দিশত অগবঢ়া আছিল । আমাৰ গাঁৱতো প্ৰতিভাৰ অভাৱ নাছিল। পিছে তেওঁলোকৰ প্ৰকৃত পথ প্রদর্শক নাছিল। গাঁৱৰ ডেকাবােৰৰ মাজত কৃষিৰ প্রতি অনীহা‌ আহি পৰিছিল। বেছিভাগেই চহৰলৈ গুছি গৈছিল। তাতে গাঁৱত প্রতিভাক বিচাৰি উলিওৱা মানুহৰো অভাৱ আছিল।

“সেইটো কোনে বজাইছে।” বাঁহীৰ সুৰত মই বিমুগ্ধ হৈ সুধিছিলাে। মই গাঁৱৰে বৰদেউতা এঘৰলৈ গৈছিলাে।
” এ কি ক’বা আৰু, কাম বন নাই এই ডালকে দিনৰ দিনটো বজাই থাকে। এই আমাৰ ধন।”
বৰদেউতাজনে কৈছিল কাষৰ ঘৰৰ ধন দাদাৰ কথা। গাঁওবােৰ সঁচাই বহুত পাছপৰি আছিল। ধন‌দাদাহঁতৰ নিচিনা প্রতিভাই এখন মঞ্চ পােৱা নাছিল।

তাৰপৰা মই ধন দাদাহঁতৰ ঘৰলৈ গৈছিলো। অকলে আছিল তেওঁ। মই যােৱাৰ কথা গমেই পােৱা নাছিল। অলপ পাছতহে দেখিছিল মােক।
“আহা আহা। ভালনে ?”
” উম ভাল তোমাৰ ?”
” আমাৰনাে কি আৰু ? পৰীক্ষা কেনেকুৱা হ’ল ?”
” ভালেই হৈছে। বাঁহী ক’ত শিকিলা?”
“নিজেই আৰু। কিন্তু ঘৰত এইবোৰ ভাল নাপায়।”

কিয় আকৌ?”
“হ’ব বাদ দিয়া”
হাঁহিটো মাৰিছিল তেওঁ। মই বুজিছিলাে কাৰণটো কি। তেওঁ কৈছিল গানৰ প্ৰতি থকা তেওঁৰ আগ্ৰহৰ কথা ।মই শুনি গৈছিলাে । গানৰ কথা পাতিছিলাে তেওঁৰ লগত। গাঁৱৰ নব্বৈ‌ শতাংশ প্রতিভাই যে এনেকৈয়ে মৰহি যায় ভাবি খং উঠিছিল। খং উঠিছিল একোযে কৰিব নােৱাৰাে তাৰ কাৰণেও। বহু সময় কথা পতাৰ পাছত উভটি আহিছিলো ঘৰলৈ। গােটেই বাটতে ভাবি আহিছিলাে
এইবােৰ কথাই। অলপ দূৰৰ চাৰিআলিৰ ওচৰৰ পূলটোত ঢেকা ল’ ৰাকেই জনমান আছিল গাঁৱৰে। মই দেখিছিলো দূৰৰ পৰাই।এফালে যদি ধন দাদাহঁতৰ দৰে কোনােবাই প্রতিভাৰ চৰ্চা কৰি আছিল, এনেদৰেই আড্ডা মাৰিও বহুতেই সময় কটাইছিল। সময় কাৰােৰে কাৰণে ৰােৱা নাছিল। গৈ আছিল। তাৰ মাজতেই কাৰােবাৰ সীমাহীন সৃষ্টিশীল সপােনে গজালি মেলিছিল, কাৰোবাৰ সপোনৰ বীজ সিঁচাই হোৱা নাছিল ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s