উদ্ভাসিত ( পঞ্চম খণ্ড)

দেউতা চৰকাৰী চাকৰিয়াল বাবে ইলেকচনৰ ডিউটি কৰিব লগা হৈছিল। পাঁচবছৰৰ মূৰে মূৰে আহিছিল ইলেকচন। মই বৰ বুজি নাপাইছিলো। পিছে বাতৰিকাকত পঢ়ি অলপ ধাৰণা এটা হৈছিল। আইতাৰ লগত জুইশালত বহি আছিলাে। ভণ্টিয়ে সুধিছিল আইতাক ইলেকচন মানে কি। আইতাই কৈছিল। আইতাই কোৱাৰ পাছত ভণ্টিয়ে অলপ সময় ভাবিছিল। তাৰ পাছত তাই সুধিছিল সকলােৰে ঘৰৰ অৱস্থা একে কিয় নহয়। সুধিছিল চৰকাৰে আমাৰ গাঁৱৰ ৰাস্তাবোৰ কেতিয়া ভাল কৰিব বুলি। আইতাই কৈছিল চৰকাৰৰ বহুত কাম। সেইবােৰলৈ মন দিব নােৱাৰে বুলি। আইতাৰ আনুষ্ঠানিক শিক্ষা নাছিল। সেয়ে হয়তাে আইতাৰ মনত চৰকাৰৰ তেনে এক ধাৰণা সােমাই আছিল। মই সুধিছিলাে ভােট কেনেকৈ দিয়ে। আইতাই ভাল পাইছিল ক’বলৈ পায়।
ভাত ৰান্ধি হােৱাৰ পাছত মায়েও আহি বহিছিলহি জুইশালত। ভন্টিয়ে মাৰ কোলাত উঠিছিলগৈ। মাক সুধিছিল তাই ইলেকচনৰ কথা। মায়েও প্রায় আইতাৰ দৰেই কৈছিল। মই সুধিছিলাে মাক চৰকাৰে কি কি কৰে বুলি। মায়ে কৈছিল ৰাইজৰ ভালৰ কাৰণে কাম কৰে বুলি। তেতিয়া মই মনে মনে আছিলাে। আইতা আৰু মায়ে দেউতাৰ কথাকে পাতি আছিল। মাজে মাজে ভন্টিয়েও
সুধিছিল দুই এটা কথা। মই মনে মনে আছিলাে যদিও মােৰ মনলৈ আহি আছিল আমাৰ গাঁৱৰ মানুহবােৰৰ কথা। বহুত কষ্ট দেখােন মানুহবােৰৰ। ল’ৰা ছােৱালীবােৰে টকাৰ অভাৱত পঢ়িব পৰা নাছিল। যিকেইটাই পঢ়িছিল সিহঁতেও পাঠ্যপুঠিৰ বাহিৰে বেলেগ কিতাপৰ সংস্পর্শ পোৱা নাছিল। গাঁৱত পুথিভঁৰাল এটাও নাছিল। আইতাৰ মুখত শুনামতে এসময়ত আছিল বােলে।বহুতৰেই দুবেলা দুমুঠি খােৱাৰে উপায় নাছিল। মই প্রকাশ দাদাকহে ব্যতিক্রম দেখিছিলাে। সকলােৰে জীৱিকা কৃষিয়েই আছিল।বহুতৰেই নিজা গৰু এহালাে নাছিল, কিনি লােৱাৰ সামর্থ্য নাছিল। গাঁৱৰ ৰাস্তাৰো অৱস্থা নাছিল। বৰষুণ দিলেই অৱস্থা নাইকিয়া
হয় । গাঁৱৰ অকল আমাৰ ঘৰত আৰু দুঘৰতহে বিজুলী বাতিৰ ব্যৱস্থা আছিল। দোকান বজাৰো এখনাে নাছিল। বহুতৰেই নিজা
খেতি-মাটিও নাছিল। আনৰ মাটি আধিলৈ লৈ খেতি কৰিছিল। তাৰে বছৰটো নগৈছিল। খাবলৈয়ে নাটে, পঢ়াৰ কথা ভবাটো প্রয়ােজনীয় বুলি ভবা নাছিল। প্রায় প্রতিঘৰতেই তাঁতশাল আছিল। বহুতেই গৰু, ছাগলী, হাঁহ পুহিও চলিছিল।কাৰােবাৰ অসুখ
হলে সাধাৰণতে ডাক্তৰৰ ওচৰলৈ নগৈছিল। মানুহ বোৰ পৰিশ্ৰমী আছিল। সাধাৰণতে তেনেকুৱা গুৰুতৰ অসুখ হােৱা লােকৰ সংখ্যা বেছি নাছিল যদিও দুই এজনৰ হৈছিল। তেওঁলােকৰ ঘৰৰ অৱস্থা পানীত হাঁহ নচৰা যেন হৈছিল। দেউতাই যাক যেনেকৈ পাৰে সহায় কৰিছিল। বহুতাে মানুহ সহায় আশা কৰি আমাৰ ঘৰলৈ আহিছিল। আমাৰ অৱস্থা অলপ ভাল যদিও ইমানো ভাল নাছিল সকলোকে সহায় কৰিব পৰাকৈ।

এওঁলোকৰ কাৰণে চৰকাৰে একো কৰিব নােৱাৰেনে মই বৰ আচৰিত হৈছিলাে। গাঁৱৰ মানুহে মই দেখা গােটেইবােৰ ইলেকচনতেই বৰ উৎসাহেৰে ভোট দিছিল। নিজৰ নিজৰ নির্দিষ্ট দল সমর্থন কৰা বাবে বহুতে বহুতক বেয়াও পাইছিল সেইকেইদিন। পিছত আকৌ ভাল হৈছিল পিছে। কিন্তু মই দেখাৰ পৰ৷ তেওঁলােকৰ অৱস্থা বেয়াই দেখি আহিছিলো।

মই আকৌ বাস্তৱলৈ আহিছিলাে মাৰ কথা শুনি। আইতাক কৈ আছিল প্রকাশ দাদাই বোলে আই.এ.এচ পাছ কৰিছে।ভাল লাগি গৈছিল। নিজৰ ঠাইৰ আপােন দাদাজনকলৈ গৌৰৱ কৰিছিলাে মনতে।

ক্ৰমশঃ

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s