উদ্ভাসিত ( অন্তিম খণ্ড)

মােৰ কাৰণে আজিটো ডাঙৰ দিন। বহুত ডাঙৰ। মই সাক্ষী হলাে মােৰ জীৱনটোৰ আৰু এতিয়া সাক্ষী হ’ম নিজৰ সপোন বাস্তৱ হৈ উঠাৰ। সঁচাই বৰ আচৰিত যেন লাগিছে নিজকে আজিৰ ৰূপত। বিশ্বাস কৰিবলৈ টান বহুত। মােৰ কাৰণে টান নহয় কিন্তু মাৰ কোলাত থকা ,পপীয়া তৰাটো দেখি প্ৰশ্ন কৰা মইটোৰ বাবে। সি বাৰু কেনেকুৱা কৰিলেহেঁতেন আজি? আজিৰ এই স্পেছচ্যুট পৰিহিত মোক দেখি সি চাগৈ বিষ্ময়ত মেলা মুখখন জপাবলৈ পাহৰিলেহেঁতেন। মই তাক ধন্যবাদ দিবই লাগিব। ধনাবাদ তোমাক! বহুত বহুত ধন্যবাদ !তুমি সেইদিনা সপােনটো নেদেখা হলে মই আজি এই সপােনটোত কেনেদৰে দিঠকত ভ্ৰমণ কৰিলােহেঁতেন! সেই সপােন দেখা দিনটোৰ পৰা আজি সাতত্রিছ বছৰ পাৰ হ’ল। প্রতিদিনে মই সাৰ পাইছিলো ইয়াক লৈ, প্রতিদিনে মই শুইছিলাে ইয়াক সাৱটি। কেনেকৈ যে আজিৰ অৱস্থাত পালোহি ভাবিলে সাধুকথা যেন লাগে। সাধুকথা, অহ, আইতা। আপোনাক আৰু মােৰ লগত নিয়া নহ’ল। মােৰ দোষ নাই। আপুনি আগতীয়াকৈয়ে এৰি থৈ গ’ল মােক। মােক নােকোৱাকৈয়ে !আইতা, সকলাে সপােনকেই যদি সঁচা কৰিব পাৰিলােহেঁতেন! ককাকো লৈ আপুনিয়ে ময়ে যদি পুনৰ আহিব পাৰিলােহেতেন পৃথিৱীলৈ। মইতো আজি তৰাৰ দেশলৈকে গৈ আছো। ভন্টি, তোকো লগত আনিব নােৱাৰিলাে। কিমান যে সপােন দেখিছিলাে দুয়োটাই একেলগে যাবলৈ। মা দেতা, তােমালােক নােহােৱা হ’লে যে মই সপোনেই দেখিব নােৱাৰিলােহেতেন। পুনৰ লগ পাম।

……………………….

উৰা মাৰিলে আমাৰ মহাকাশযানে। লক্ষ্য প্লট’। নাজানো কি আছে পথৰ সিপাৰে। তথাপি স্বপ্নই মােক টানি নিছে সেই অচিন পৃথিৱীলৈ। হেৰুওৱাৰ ভয় নাই। আছে কেৱল কৰ্মৰ উদ্যম।

সৌৱা,আমাৰ পৃথিৱী । সঁচাই জাকত জিলিকি আছে। মোৰ আপোন গ্রহ, আপোন সৌৰজগত, আপােন বিশ্বব্ৰহ্মাণ্ড, আপোন তৰাবোৰ!!

( কাহিনীটো এজন অসমীয়া মহাকাশচাৰীয়ে প্ৰথম মহাকাশ যাত্ৰাৰ সময়ত কৰা অতীত ৰোমন্থনৰ ওপৰত আধাৰিত । তেওঁৰ শৈশৱৰ পৃথিৱীখন তেওঁৰ দৃষ্টিভংগীৰে বৰ্ণনা কৰা হৈছে)

ধৈৰ্যৰে পঢ়াৰ বাবে সকলোকে ধন্যবাদ!

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s