উদ্ভাসিত ( ৩য় খণ্ড)

সময় পাৰ হৈছিল। ম‌ই স্কুল যাব পৰা হৈছিলো। ভণ্টিও অলপ ডাঙৰ হৈছিল। তাইৰ মুখত দুই এটা কথা ফুটিবলৈ লৈছিল। মোক মাহঁতে ওচৰৰ প্ৰাথমিক বিদ্যালয়তে নাম লগাবলৈ ঠিক কৰিছিল। দিনটো আহি পৰিছিল।

মায়ে জোতা মোজা পিন্ধাই দিছিল। ভালদৰে ইউনিফৰ্মো পিন্ধাইছিল। দেতাই কৈছিল লৰালৰি কৰিবলৈ। আইতাক সেৱা কৰিছিলো। আইতাই মূৰত হাত ফুৰাই কৈছিল,

– ভালকৈ পঢ়িবা সোণতো।

আইতাৰ মূখত তুমি বুলি সেইবাৰেই প্ৰথম শুনিছিলো। মায়ে কৈছিল ককাৰ ফটোত সেৱা কৰিবলৈ। সেৱা কৰি দেতাৰ বাইকৰ ওচৰলৈ গৈছিলো। মোক মাজত বহাই মা পাছত বহিছিল। মই আইতাহঁতলৈ ঘূৰি চাইছিলো। ভণ্টিয়ে আইতাৰ লগত খেলি আছিল। তাইক এৰি থৈ অহাৰবাবে তাই কান্দিব বুলি ভাবিছিল মায়ে। তাই নকন্দাত ভালেই পাইছিল বুলি মায়ে কৈছিল দেতাক।দেতাইও ভাবিছিল তাই কান্দিব বুলি। মাহঁতে কথা পাতি গৈছিল। মই ৰাস্তাৰ কাষে কাষে গৈ থকা ইউনিফৰ্ম পিন্ধা ল’ৰা ছোৱালীবোৰক চাই গৈছিলো। মোৰ ভয় লাগিছিল। ক’ব নোৱাৰা এটা ভয়। মই জানিছিলো যে মই পঢ়িবলৈ আহিছো।পঢ়িলেহে তৰাবোৰৰ ওচৰলৈ যাব পাৰিম । তথাপি ভয় লাগিছিল।

দেতাহঁতে স্কুলৰ অফিচলৈ লৈ গৈছিল। সকলো ছাৰ বাইদেউ তাতেই আছিল। হেড ছাৰে মোক ওচৰলৈ মতাত ভয়ে ভয়ে গৈছিলো। মোক নাম সুধিছিল। অন্য ছাৰ বাইদেউসকলেও মোৰ নামটো সুধিছিল। এগৰাকী বাইদেৱে ডাঙৰ হ’লে কি হ’ম বুলি সুধিছিল। মই কৈছিলো,

– মই তৰাবোৰলৈ যাম ।

– হয় নেকি! বৰ ভাল কথা দেই।

মূৰত হাত ফুৰাই দিছিল তেওঁ।

-সোণতো, আমি যাওঁ। আকৌ তোমাক নিবলৈ আহিম। তুমি ভালকৈ পঢ়িবা।

এইবুলি কৈ মাহঁত উভতিছিল।

মোৰ দুখ লাগিছিল। ভয় লাগিছিল ইমান অচিনাকি মানুহৰ মাজত।কান্দিছিলো। একো শব্দ কৰা নাছিলো । মাত্ৰ চকুত পানী আছিল। মই কন্দা দেখি অলপ আগতে মই ডাঙৰ হ’লে কি হ’ম বুলি সোধা বাইদেউগৰাকীয়ে বুজাইছিল আৰু মোক ক্লাছৰূমলৈ বুলি লৈ গৈছিল। মই তেওঁৰ লগতেই ‌ ক্লাছৰ দুৱাৰমুখ পাইছিলোগৈ। ইতিমধ্যে ৰূমটোত থকা ডেক্স বেঞ্চ চাৰিখন ভৰ্ত্তি হৈ আছিল। মোৰ সমান ল’ৰা ছোৱালীৰে। সিহঁতো ইউনিফৰ্মত আছিল । সকলোৱে হুলস্থূল কৰি আছিল আৰু বাইদেউক দেখি শান্ত হৈ পৰিছিল। তেওঁ মোক প্ৰথম বেঞ্চৰ ওচৰলৈ হাতত ধৰি লৈ গৈছিল। তাত দুটা ল’ৰা বহি আছিল । তাৰ পাছৰ বেঞ্চত তিনিটা ল’ৰা, তৃতীয়খনত দুজনী ছোৱালী। মোক দেখি সিহঁতে ম‌ই কান্দি থকা বুলি বুজিছিল। মই লাজ পাইছিলো। সকলোৱে মোলৈকে চাই আছিল। বাইদেৱে মোক প্ৰথম বেঞ্চখনত বহাই সকলোকে মোক মাতবোল কৰিবলৈ কৈছিল। কোনেও পিছে মতা নাছিল, ময়ো মতা নাছিলো। মই বেগৰ পৰা ফলিখন উলিয়াই লৈছিলো আৰু ফলুগুটি(ফলিগুটি) লৈ বহি আছিলো। কালৈও চোৱা নাছিলো। কেৱল ঘৰলৈ মনত পৰি আছিল- মাৰৈ,দেতালৈ, আইতালৈ আৰু ভণ্টিলৈ । তাই ঘৰত‌‌ কিনো কৰিছে সেইবোৰেই ভাবি আছিলো। আকৌ কান্দোন ওলাই আহিছিল। কাষৰ ল’ৰাটোৱে সুধিছিল,

-কি হ’ল?

মই কান্দি কান্দি কৈছিলো,

ঘৰলৈ যাওঁ।

মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি ঘটিছিল।

ক্ৰমশঃ…

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s