উদ্ভাসিত (২)

মোৰ সপোনে মোক এৰি দিয়া নাছিল। মই য’লৈকে নাযাও কিয় মোৰ লগতেই গৈছিল সি। মায়ে ইতিমধ্যে অকণমানি ভণ্টিক বেছি সময় দিবলগীয়া হৈছিল। মই অকলশৰীয়া হোৱা নাছিলো। মোৰ লগত মোৰ সপোন আছিল, আৰু আছিল মোৰ আইতা।

– আইতা, আপুনি আকাশলৈ গৈ পাৰিছেনে?

– নাই পোৱা অ’।

-ককানো কেনেকৈ গ’ল তেতিয়াহ’লে?

– ককা‌ ঢুকাল যে, ভগৱানে লৈ গ’ল আকৌ।মোকো নিব ৰ, ময়ো বুঢ়ী হৈছো নহয়।

-তেতিয়া কিন্তু মোকো নিব লাগিব।

– হেই , ত‌ই কি কৰিবি গৈ তাত?

– ম‌ই ককাক লগ কৰিম আৰু…

– আৰু কি?

– লৈ আহিম আকৌ ককাক আৰু আপোনাক।

– হয় নেকি? আনিবি আনিবি দে।

আইতাই সাবতি ধৰিছিল মোক। আইতাক লৈ বৰ গৌৰৱ মোৰ। ইমান বয়স হোৱাৰ পাছতো দীঘল ক’লা চুলি আছিল আইতাৰ। আকৌ মোৰ খেলাৰো লগ আছিল আইতা। সাধু কৈছিল মোক চোতালত। চকীত আইতা বহিছিল, ম‌ই আইতাৰ কোলাত । লাইট নাথাকিলে ম‌ই বেছি ভাল পাইছিলো। তৰাবোৰ বেছিকৈ দেখিছিলো। আমাক লগ দিছিলহি কালুৱে , সি আমাৰ ঘৰৰ পোহনীয়া কুকুৰ আছিল। তাৰ ঠেং এটাত থকা স্থায়ী আঘাতৰ বাবে লেঙেৰাই থাকিছিল। আৰু আমাক লগ দিছিল মিনিয়ে, মূগাবৰণৰ নোমৰ মেকুৰী আছিল তাই। আইতাই কালুৰ কথা কৈছিল । কেনেকৈ তাক মাঁহতৰ বিয়াৰ সময়তে আনিছিল। সি বোলে পোৱালি আছিল তেতিয়া। সি মোৰ কাৰণে আশ্চৰ্যকৰ বস্তু আছিল কাৰণ মোতকৈ সি বয়সত ডাঙৰ হৈয়ো মোতকৈ চাপৰ আছিল! মিনিৰ কথাটো বেলেগ, ঘৰত নিগনিৰ উৎপাত বঢ়াত কেইদিনমানৰ আগতেহে দেতাই মানুহ এঘৰৰ পৰা লৈ আহিছিল। সঁচাকৈ নিগনিৰ উৎপাত বৰ হৈছিল সেইকেইদিন। আইতাৰ কাপোৰ কূটিছিল বুলি কৈছিল তেওঁ।মাৰো হেনো কাপোৰত ফুটা ওলাইছিল।দেতাই কৈছিল চাউলৰ বস্তাবোৰটো ফূটা কৰিছিল বুলি। মই পিছে বৰ আচৰিত হৈছিলো। কাৰণ মোৰ এখনো কাপোৰ নষ্ট হোৱা নাছিল। আইতাই কৈছিল মেকুৰী থাকিলে নিগনিক নামাৰিলেও সিহঁতে ভয় কৰে বুলি। সঁচাকৈ মিনি অহাৰ পাছত আইতাৰ কাপোৰ কূটাও বন্ধ হৈছিল।কালুক সদায় ৰাতিপুৱা বিস্কূট দিছিলো ম‌ই। সি দুৱাৰমূখত লৈ থাকিছিল ম‌ই বিস্কূট নিদিয়ালৈকে। জুহালৰ ছাইতে শুইছিল বোলে মিনি। ম‌ই পিছে দেখা নাছিলো। দেউতা আৰু মা সকলোতকৈ আগত উঠিছিল। মা চোতাল সাৰিবলৈ গৈছিল আৰু দেতাই জুই ধৰি চাহ খাই গৰুলৈ দানা সিজাবলৈ গৈছিল। মোৰ উঠা দেৰি বাবেই মিনিক ছাইত শুৱা দেখা নাছিলো। অলপ পাছত আইতা শুই উঠিয়েই মোকো জগাই দিছিল। আইতাই ম‌ই ৰাতিপুৱাৰ চাহ একেলগে খাইছিলো। জুহালতে বহুপৰ কথা পাতিছিলো। আইতাই মাজে মাজে ককাৰ কথা কৈ দুখ কৰিছিল। ম‌ই ককাক দেখা মনত নপৰে। ম‌ই সৰু থাকোঁতেই তেখেত ঢুকাইছিল।

ম‌ই আইতাক কৈছিলো,

– নাকান্দিব আইতা। ম‌ই ডাঙৰ হৈয়ে ককাক আনিবলৈ যাম নহয় তৰাবোৰৰ ওচৰলৈ। আপোনাক লগত লৈ যাম দেই।

ক্ৰমশঃ…

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s