উদ্ভাসিত (চতুৰ্থ খণ্ড)

মোৰ সপোন মোৰ লগতেই একেলগে ডাঙৰ হৈ আহিছিল। ডাঙৰ মানে অন্য নহয়- ম‌ই তেতিয়ালৈ জানিছিলো বহু কথা। মোৰ সপোনৰ কথা। ইতিমধ্যে ভণ্টিও স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। তাই স্কুললৈ যাবলৈ ভাল পোৱা নাছিল। তাই পিছে কন্দা কটা কৰাবিধৰ নাছিল। নিজে ঘৰলৈ গুছি গুছি আহিছিল।মা সেয়ে গোটেই দিনটো স্কুলত তাইৰ কাৰণে থাকিব লাগিছিল। মই পঢ়াত ভাল আছিলো, আইতাই কৈছিল তাইও মোৰ দৰে হ’ব বুলি। মায়ে যথেষ্ট কষ্ট কৰিছিল আমাৰ বাবে। মই ভণ্টিক পঢ়াবলৈ ল’লো। তাই ঘৰত পঢ়ি ভালেই পাইছিল, অৱশ্যে পঢ়াৰ সময় বৰ কম আছিল। আচলতে আমি দুয়োটাই কম পঢ়ো । আগতে মায়ে আমাক বাহিৰা কিতাপ পঢ়ি শুনাইছিল। এতিয়া নিজে পঢ়িব পৰা হোৱাৰ পৰা সেই দায়িত্ব পৰিল মোৰ ভাগত। মাজে মাজে আমাৰ ঘৰলৈ প্ৰকাশ দা আহিছিল। তেওঁ যোৱাৰ পাছত মাহঁতে তেওঁৰ কথা পাতিছিল। দেতাই কৈছিল যে দাদাজন বোলে বৰ ভাল। ঘৰত আৰ্থিক অৱস্থা বৰ বেয়া । আইতাই কৈছিল মাকে বোলে বৰ কষ্ট কৰি পঢ়াইছে। দেতাই কৈছিল প্ৰকাশ দাই নিজৰ খৰছ আনক টিউশ্যন কৰি উলিয়ায়। তেওঁৰ দেউতাকে বোলে পঢ়াটো আৱশ্যক বুলি গণ্য কৰা নাছিল। আইতাৰ মতে এনেকুৱা ল’ৰাবোৰ পিছলৈ ডাঙৰ মানুহ হয়। প্ৰকাশ দা স্কুলৰ ছাৰ বাইদেউ সকলৰো প্ৰিয় আছিল। তেওঁ বোলে আই.এ.এছ. পৰীক্ষা দিব । মই মাক সেইটো কিনো বুলি সোধাত কৈছিল সেয়া বোলে ভাৰতৰ আটাইতকৈ টান পৰীক্ষা। দেতাৰ মতে তাৰ কাৰণে বহুত পঢ়িব লাগে।

-দাদা তুমি কি হ’বানো?

ভণ্টিয়ে সুধিছিল। তাইৰ মাতটো মই বৰ ভাল পাওঁ। তাই দেখাতো ধুনীয়া। আইতাই কৈছিল তাই বোলে মাৰ দৰেই আছিল।

– মই….

মই অলপপৰ ৰৈছিলো।

-কোৱানা…

তাই থেনথেনাইছিল।

-কেলেনো?

-ময়ো তুমি যি হ’বা তাকে হ’ম।

– হয় নেকি?

-উমম্…

– তেতিয়াহ’লে তৰাবোৰলৈ যাব লাগিব নহয়।

মই কৈছিলো তাইক।

-সঁচানে?

– উমম্।

– ময়ো যাম ময়ো যাম… ‌

তাই খুব ভাল পাইছিল। তাই সেইদৰে কোৱাত ময়ো ভালেই পাইছিলো । কাৰণ মোৰ খেলাৰ লগ হ’ব তাত। মই তাইক তৰাবোৰৰ বহুত কথা কৈছিলো , বেচেৰীয়ে বেছিভাগ কথাই বুজা নাছিল।

তাইৰ লগত কাজিয়াৰো শেষ নাছিল। লাগো বুলি নালাগিলেও অকণমান কথাতে লাগিয়েই যায়। মায়ে আহি ভাঙিব লগা হয়। কেতিয়াবা তাই মোক নামাতো বুলি, কেতিয়াবা মই তাইক নামাতো বুলি ক‌ওঁ। পিছে আমি দুয়োটাই ইটোৱে সিটোক নমতাকৈ বেছিপৰ থাকিব পৰা নাছিলো।

কালুৰ কিবা বেমাৰ হৈছিল। ভণ্টিক ক‌ওঁ মই তাৰ কথাবোৰ। মাৰ মতে কালু আৰু বেছিদিন নাবাচে। দেতাই ডাক্তৰ মাতি থৈ আহিছিল। কিন্তু ৰাস্তাৰ যিহে অৱস্থা; এনেই কেঁচা, তাতেই আকৌ বৰষুণ। দুদিনৰ পাছত ডাক্তৰ ওলাইছিলহি। তেওঁৰ মতে কালু সোনকালেই আমাৰ মাজৰ পৰা যাবগৈ। মোৰ মনথ বেদনা থূপ খাইছিল। মই ভাত নাখাওঁ বুলি কোৱাত ভণ্টিয়েও নাখাওঁ বোলাত মায়ে খাবলৈ ক’লে। তেতিয়া খালো।

ৰাতি আইতাক সুধিলো মানুহে তাৰ ঠেংটো‌ কিয় ভাঙিব লাগে। তেওঁ কৈছিল যে কিছুমান বেয়া মানুহ থাকেই। সেয়ে মইও সাৱধান হৈ থকা ভাল ।শুবৰ সময়ত তাৰ মুখখন ভাঁহি আছিল মোৰ মনত।

পিছদিনা সাৰ পায়েই কালু পৰি থকা ঠাইত গৈ দেখো তাত সি নাই।মায়ে কৈছিল সি আৰু নাই।দেতাই তাৰ প্ৰাণহীন শৰীৰটো ক’ৰবাত পুতি থ’লেগৈ।

মই সেইদিনা ভাত নাখালো। ভণ্টিয়েও কান্দিছিল। তাই আইতাক কৈ আছিল কালুক ঘূৰাই আনিবলৈ। মায়ে তাইক কোচত লৈ বুজাইছিল।

ক্ৰমশঃ

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s