শেষ সপ্তাহ

কাইলৈ মায়ে পায়স গোটাইছে | পুৱা আঠটাতে ল’ৰা ছোৱালীবোৰ আহিব | মই সৰু হৈ থাকোতেই প্ৰথমবাৰ এনে কৰিছিল | সেইবাৰ ক শ্ৰেণীৰ পৰীক্ষা আছিল | মোৰ মনত আছে, পিছৰ বছৰ প্ৰথম শ্ৰেণীৰ পৰীক্ষাৰ এবেলা শেষ হওঁতে জিৰণিৰ পৰত দেতাই পায়স লৈ গৈছিল টিফিনত | পিছে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে সময়চোৱাত পায়সখিনি চেঁচা হৈ পৰিছিল | এতিয়া মই কাইলৈ আঠটাত কেনেকৈ উঠিম বোলা আপত্তিটো নৰজিল | কাইলৈ তাৰমানে উঠিবই লাগিব সোনকালে!

আজি ৰূমৰ ঘড়ীটো বেয়া হ’ল | মানে বেটাৰী শেষ হ’ল | পুৱা বাগৰি ৰাতি হ’ল, দিনটোত অকল দুঘণ্টাহে কাঁটাডালৰ গতি দেখুৱালে ঘড়ীটোৱে | দেখাতটো চলিয়েই আছে | সেয়ে কাৰো চকুত পৰা নাই | দেতাই দেখাহ’লে অফিচৰ পৰা আহোতেই দোকানৰ পৰা বেটাৰী এটা আনিলেহেঁতেন নহ’লে | ময়ো কোৱা নাই কাকো | থাকক তেনেকৈয়ে | মানুহক দেখাই ঘড়ীৰ কাঁটা জগতৰ লগে লগে খোজত খোজ মিলাই ঘূৰিনো কি লাভ! ঘড়ীটো নচলিলেও বেলি ওলাব, বেলি ডুবিব | ময়ো সাৰ পাম, শুই পৰিম |

ঘড়ীৰ কাঁটাৰ ভাগ্য ভাল | অন্ততঃ স্তব্ধ হৈ যোৱা দেখা পাই মানুহে | দেখা পালে ঠিক কৰিবও পাৰে |কিন্তু দেখা নাপায় মানুহৰ মনৰ ভিতৰখন | তাতো যদি কাঁটা আছে ঘড়ীৰ নিচিনাকৈ আৰু যদি তাৰ ঘূৰিবলৈ শক্তি দিয়া বেটাৰীও কাহানিবাই শেষ হৈছে সেয়া কোনেও নেদেখে |

-”কেলেনো এইখন কৰিব লাগে পৰীক্ষা বুলি | ইনেই ভয় ভাব সোমায় |”
মায়ে উত্তৰ নিদিয়ে | ককাইয়ো একো নকয় তেনেকৈ ক’লে | বিচাৰো, কওঁক কোনোবাই -” তেনেকৈয়ে ইমান বছৰ গ’ল এতিয়া আকৌ তাৰ ভয় সোমায় |” নকয় কোনেও নকয় | কিয় ইমান উদাসীন!

”With great power comes great responsibility ”. Spidermanৰ এই সংলাপটো ভাল লাগে | Great power হয়নে নহয় নাজানো, কিন্তু সামৰ্থ্য নিসন্দেহে আছিল মোৰ | সামৰ্থ্য নাথাকিলে কিবা এনে মেজিক নাই যে কেৱল কষ্ট কৰিয়েই মেট্ৰিকত স্টেণ্ড কৰিব পাৰি | টিউচনোতো নাছিল মোৰ | মই মাথো প্ৰস্তুত নাছিলো তাৰ পাছৰ সময়খিনিৰ বাবে | হঠাতে সকলো হৈ গৈছিল |

-”এইবোৰ গাখীৰ ক’ৰ? ” মই সুধিলো গধূলি |
-”দেতাই আনিছে |” মায়ে ক’লে |
– ” জলপান খুৱাবি নি? ”
-”অ, কাইলৈ ভকত দুজনমানক |”
-”আকৌ বোলে পায়স খুৱাবি? ”
-” নহয় এয়া গধূলিৰ কাৰণেহে |”

আজি ফেচবুক বহুদিন ডি এক্টিভেট কৰাৰ পাছত পুনৰ খুলিছিলো | প্ৰফাইলত চাওঁতে দুবছৰ আগৰ ফটোখন দেখিলো | বা এজনীয়ে দিছিল – My cousin got 9th rank …. মই আচৰিত হ’লো এয়া ময়েনে? ইমান আত্মবিশ্বাস ভৰা দুচকু,ব’ডী লেংগুৱেজ!
-”ঠিকে আছেনে, পৰীক্ষা পালেহিয়ে নহয় |” সুধে মানুহে |
– ”ঠিকে আছে আৰু |” বৰ জোৰ কৰি হাঁহি এটা মাৰো | নহ’লে বেয়া দেখি |
বহুদিন হ’ল কাৰো লগত মন খুলি কথা পতা নাই | দুবছৰ হ’ল আনৰ লগত তুলনা কৰি আত্মবিশ্বাস কমাই আনি থকা | বছৰ দুটা একেবাৰে অথলেও নগ’ল পিছে | জীৱনৰ এটা স্পষ্ট ছবি লাহে লাহে উন্মোচিত হৈছে | মানুহক লাহে লাহে চিনিবলৈ শিকিলো | তথাপি বিচাৰি ফুৰো কিবা | কি সেয়া নাজানো | কিয়, সেয়াও নাজানো | বহুত দৌৰৰ পৰা স্বেচ্ছাই আতৰি আহিলো | সেইবোৰে সমৃদ্ধিৰ ফালে নিব পাৰিলেহেঁতেন | পিছে সেইফালে মন নাই | এইবোৰ কথাই আহে আৰু যায় মনেদি | Day dreamer? নাজানো !

থাপৰ এটা পৰিল গালত | নাই ,কল্পনাতে | নিজেই মাৰিলো | মনৰ কাঁটাডালৰ কথানো জানে কোনে? কাৰ গৰজ পৰিছে সেই ঘড়ীৰ বেটাৰী সলাবলৈ | সেয়াটো মোৰ নিজৰহে প্ৰয়োজন | নিজেই তাত নতুন বেটাৰী লগাব লাগিব | মই গতি হেৰুৱাই হেৰুৱাই এটা সময়ত অচল হৈ যাব নোখোজো | মই মূল্যবান হ’ব খোজো ; নিজৰ বাবে |

তৰা, আকাশ, সাধাৰণ মানুহৰ ছবি মনলৈ আহিছে | সৰুতে ডাক্তৰ হোৱাৰ সপোন দেখিছিলো মানুহক বিনামূলীয়া চিকিৎসা কৰিবলৈ | এতিয়া বুজো সেয়া মোৰ পথ নহয় | পিছে বিকল্পটো আছে অনেক ; মানুহক সহায় কৰিবলৈ |গণিতৰ ভাষাত ক’লে ,জীৱন >> দুবছৰ |

মা চুবুৰীৰ ল’ৰা ছোৱালীবোৰক মাতি আহি পাইছেহি | মোৰ মনৰ কাঁটাডালে শক্তি পোৱা যেন লাগিল | সেয়ে হ’বলা গোটেই টেবুলখন আটোম টোকাৰীকৈ সঁজালো | তাৰিখ হিচাপ কৰি দেখো মাত্ৰ এসপ্তাহ আছে হাতত | ৰিজাল্ট কি হয় দেখা যাব, একো ডাঙৰ কথা নহয় | নিজকে আৱিস্কাৰ কৰাৰ নিচিনা লাগিছে যোৱা দুটা দিনত | সেয়াওটো বহুত মূল্যবান |

কাইলৈ ছটাতে উঠিম |
পৰহিলৈ চাৰে পাঁচটাত |
তাৰ পিছদিনা…
মই অচল হ’ব নোৱাৰো |
___.___

6 Comments

  1. You are such a talented boy…i feel good to have a classmate like you…you know it feels good to discuss about things with you…and the funniest part is when you continuously disagree with me and finally your face colour changes to red because of anger…lots of love

    Liked by 1 person

Leave a comment