কল্পনাৰ পৃথিৱীৰ অভিজ্ঞতা

কাল্পনিক সাগৰখনত বহুদিন ঘূৰিলো

যি বিচাৰিছিলো পালো –

নীৰৱতা, নিস্তব্ধতা, নিঃসংগতা|

আজি উভতি চাওঁতে দেখিলো

একোৱেই নাই মোৰ হাতত

অতদিনে চাগৈ বাস্তৱ পৃথিৱীৰ

মোৰ চিনাকীসকলেও পাহৰিলে মোক

নিশ্চয় কোনোবা আহি পূৰাই থৈ গ’ল

মোৰ খালি ঠাই |

আমুৱাইছে মোৰ আৰু

মই ঘূৰি যাবই লাগিব

পাৰ পালেও নাপালেও অন্ততঃ

উপভোগ কৰিম

ঘূৰি অহাৰ সংঘৰ্ষ ;

নিজৰ লগত, প্ৰকৃতিৰ লগত |

কল্পনাৰ সাগৰখনত পোৱা সুখবোৰ সুখ নাছিল

সেইবোৰ বতাহ হৈ উৰি যাব এদিন |

মোৰ স্থান আনে ল’লেও

এইবাৰ মই নিজে গঢ়িম নিজৰ স্থান

নিজৰ বাবে ;

”আপোন ভালেই জগত ভাল” |

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s