‘Homeless to Harvard : The Liz Murray Story ‘ : সকলো ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী এখন বোলছবি

2016 চন | মেট্ৰিক পাছ কৰাৰ পাছত বহু কিছুমান কাৰণত একধৰণৰ হতাশা আহি পৰিছিল, আত্মবিশ্বাস প্ৰায় নোহোৱাৰ নিচিনা হৈ গৈছিল মোৰ | সেই পৰিস্থিতিৰ লগত যুঁজিবলৈ হাতত থকা ম’বাইলটো, জিঅ’ৰ বিনামূলীয়া ইণ্টাৰনেটৰ বাহিৰে আন কোনো নাছিল | এষাৰ কথা আছে, যেতিয়া এখন দুৱাৰ বন্ধ হয়, অন্য এখন দুৱাৰ খোল খায় | মোৰ ক্ষেত্ৰটো সেয়ে হ’ল | ইউ টিউবত বিচাৰি পালো সন্দীপ মহেশ্বৰী, The Power of Nowৰ ৰচক Ekhart Tolle ৰ দৰে ব্যক্তিক | তেওঁলোকৰ চিন্তাধাৰা জনাৰ পাছত জীৱনৰ ধাৰণাটোৱেই মোৰ আগত নতুন ৰূপত ধৰা দিলে | এনেদৰেই এদিন মোৰ চিনাকি হ’ল লিজৰ লগতো যি মোৰ আজীৱন প্ৰেৰণাৰ উৎস হৈ ৰ’ব |

Homeless to Harvard : The Liz Murray Story চিনেমাখন লিজৰ জীৱনৰ সত্য ঘটনাৰ ওপৰত আধাৰিত | 100% সত্য হয়নে নহয় সেয়া মোৰ কাৰণে কোনো ডাঙৰ কথা নাছিল সেই সময়ত, ডাঙৰ কথা আছিল তাৰ পৰা পোৱা প্ৰেৰণাহে | তাৰে এটা চমু বিৱৰণ দিব খুজিছো এই লেখাৰ জৰিয়তে |

লিজৰ জন্ম আমেৰিকাত | চিনেমাৰ প্ৰথম দৃশ্যতেই দেখুওৱা হৈছে লিজৰ ঘৰৰ পৰিৱেশ | মাক, দেউতাক, বায়েক আৰু লিজৰ চাৰিজনীয়া পৰিয়ালৰ সুখ শান্তি নোহোৱা হৈছে ড্ৰাগছ আসক্ত মাক দেউতাকৰ পৰা | টকা বিচাৰি ঘৰ লণ্ড-ভণ্ড কৰি থকা মাকক বাধা দিবলৈ চেষ্টা কৰিছে বায়েকে | দেউতাক নিৰ্বিকাৰ হৈ টীভী চোৱাত ব্যস্ত | লিজে মাকৰ কষ্ট সহিব নোৱাৰি বায়েকে লুকুৱাই ৰখা পইচাখিনি মাকক দি দিছে | ড্ৰাগছ আসক্ত মাকে সেয়া লৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে |

ইয়াৰ পৰাই বুজিব পাৰি লিজৰ ঘৰৰ পৰিৱেশ | তথাপি পঢ়াত ভাল তাই | বোকাতেইটো পদুম ফুলে! কিন্তু লাহে লাহে অৱস্থা আৰু বেয়াৰ ফাললৈ ঢাল খাই | লিজৰ মাক এইডছ সংক্ৰমিত হৈ পৰাত মৃত্যুমূখী হয়, বায়েকক ককাকে লগত লৈ গৈ পঢ়ায়, আৰ্থিক সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু লিজে অনিচ্ছা সত্বেও পঢ়া শুনাৰ লগত সম্পৰ্কহীন হৈ এদিন গৃহহীন হৈ পৰে | এনেতে এদিন মাকৰ মৃত্যু হয় আৰু সেই তেতিয়াই লিজে জীৱনত কিবা এটা কৰাৰ পণ লৈ পুনৰ পঢ়াৰ সিদ্ধান্ত লয় কিয়নো মাকৰ দৰে এনে এটা জীৱনৰ কথাই তাইৰ মনক জোকাৰি যায় | মোৰ বাবে এইখিনিৰ পৰাই অনুপ্ৰেৰণামূলক অংশটোৰ আৰম্ভ হয় |

লিজে এখন স্কুলত কোনোমতে পঢ়াৰ সুযোগ পায় | কেইটামান দৃশ্য সঁচাকৈয়ে হৃদয়স্পৰ্শী | তাই ইমান কম বয়সতে (১৫) পঢ়াৰ মাজতে ক’ৰবাত ( হয়তো হোটেলত) বাচন ধুই থাকে আৰু সন্মুখত লৈ লয় কিতাপ | এটা দৃশ্যত লাইব্ৰেৰীৰ লাইট বহু ৰাতি শিক্ষকজনে নুমোৱাবলৈ গৈ দেখে লিজে পঢ়ি আছে, তেওঁ সোধাত তাই কয় যে তাই ৪ বছৰত পঢ়িব লগাখিনি ২ বছৰতে পঢ়িব লাগিব যিহেতু তাই মাজতে এক দীঘলীয়া সময় পঢ়িবলৈ পোৱা নাছিল |

এদিন লিজে নিউ য়ৰ্ক টাইমছৰ এক স্কলাৰশ্বিপৰ বিজ্ঞাপন দেখে যাৰ বাবে এখন ৰচনা লিখিব লাগে য’ত শিক্ষাৰ্থীজনে জীৱনৰ কোনো এক সমস্যা কেনেকৈ মোকাবিলা কৰিছিল তাক বৰ্ণনা কৰিব লাগিব | লিজে তাত অংশ লয় আৰু সেই স্কলাৰশ্বিপৰ বাবে যোগ্য বিবেচিত হয় | তাইৰ কাহিনী তেতিয়া সকলোৰে মাজত জনাজাত হৈ পৰে | গৃহহীন হিচাপে জীৱন কটাবলগীয়া হোৱা লিজে একমাত্ৰ নিজৰ চেষ্টাৰ ফলত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰে | লিজ হাৰ্ভাৰ্ডলৈ প্ৰথম দিনা ক্লাছ কৰিবলৈ যোৱাৰ দৃশ্যতেই চিনেমাখন শেষ হয় | সেই দৃশ্যটোত ইমান বিশেষ কি আছে নাজানো কিন্তু মই যেতিয়াই চাওঁ সেয়া তেতিয়াই জীৱনত কিবা এটা কৰাৰ হাবিয়াস জন্মে | মই এই ছবিখন চাই হোৱাৰ পাছত ভাবিছিলো, লিজ মুৰেৰ তুলনাত কিমান সুবিধা পাইছো মই | লিজৰ হাৰ্ভাৰ্ডলৈ যোৱাৰ এই যাত্ৰাই মোক মোৰ হতাশা, উদ্বেগ এইবোৰৰ পৰা আতৰি অহাত সহায় কৰিলে | ধন্যবাদ লিজ!!!

লিজৰ চৰিত্ৰত নিখুঁত অভিনয় কৰিছে Thora Birchএ | লিজ মুৰে বৰ্তমান এগৰাকী জনপ্ৰিয় অনুপ্ৰেৰণামূলক বক্তা হিচাপে পৰিগণিত হৈছে যাৰ বক্তৃতাই হাজাৰ হাজাৰ জনক জীৱনত আগুৱাই যোৱাত সহায় কৰিছে |

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s