জোনাক

 

তাৰ কোঠাৰ পৰা কিবা শব্দ আহি থাকে । মই যোৱা এসপ্তাহ ধৰি লক্ষ্য কৰি আছো ।ৰাতি দুটালৈ সাৰে থকাৰ অন্য কাৰণ নাছিল ।অহা সপ্তাহৰ পৰা পৰীক্ষা ।এবছৰে নপঢ়াখিনি এদিনত পঢ়াৰ বৃথা চেষ্টা !

মই খিৰিকী মেলি দিওঁ । জোনাক ভাল লাগেনে নাই নাজানো! কিন্তু বাহিৰৰ অন্ধকাৰ জগতখন ভাল লাগে ।নীৰৱ জগতখন ভাল লাগে । কবিতাও লিখিব নোৱাৰো মনলৈ অহা কথাখিনিক লৈ । talent সঁচাই বৰ আচৰিত বস্তু। ই হয় থাকে ,নহয় নাথাকে ।মই দ্বিতীয় ভাগত পৰো ।

অহ !মই ক’ৰবাৰ পৰা আন ক’ৰবালৈ গুছি গ’লো । আচলতে মোৰ লগৰবোৰেও তাকেই কয় ;খুব কথা কওঁ মই ।কথা !এদিনতো অৰ্ণৱে সুধিছিলেই ,

“তই কেনেকৈ ইমান ফূৰ্তিত থাক অ’ ?”

মই একো কোৱা নাছিলো । সিও মোৰ উত্তৰলৈ ৰৈ থকা নাছিল ।

বেচেৰাটো ! কিয় জানো ইমান মন মাৰি থাকে ! আৰু মই !

ফূৰ্তি ; আজিকালি আছেনো ক’ত ? সকলো ব্যস্ত । মাক দেউতাকবোৰ ব্যস্ত ,সন্তানবোৰো ব্যস্ত ।ব্যস্ততাৰ বেলেগ বেলেগ অজুহাত । আচলতে একোটা অজুহাত দি পলাই ফুৰে সকলো ।নাজানেও পিছে ;কিয় পলাই ,ক’লৈ পলায় । মাত্ৰ অজুহাত আৰু ব্যস্ততা । কালি ৰণ্টুৰ ঘৰত আছিলো সেই সময়ত ।নোট বিচাৰি গৈছিলো । আচলতে মোৰেই নোট । সি উভতাই দিয়া নাছিল । ৰণ্টুৰ মাক দেউতাক দিল্লীলৈ যাবলৈ ওলাইছে । ককায়েকে পঢ়ি আছে ,খবৰ ল’বলৈ ।তেওঁলোক ৰেলেৰে যোৱাৰ কথা । মাকে ক’লে,

“আহচোন অলপ আগবঢ়াই দে হি দেউতাৰক বাইকখন লৈ।দেউতাৰৰ ভৰিত বিষ বোলে ।মই খোজ কাঢ়িয়েই যাম বাৰু ।”

“এহ মই নোৱাৰো । মোৰ কাম আছে ।”-সি ক’লে ।

মাকৰ চকুলৈ চাব নোৱাৰিলো । মানে সাহস নহ’ল ।ক’ম বুলি ভাবিছিলো – “খুৰা ব’লক মোৰ স্কুটীটেই …”  পিচে হিচাপ কৰি চালো বহুফালৰ পৰা ।হাতত পইচাও নাই ।স্কুটীতো তেল কম আছে । তাতে আকৌ নিজৰ ইমানটো ল’ৰা থাকোতে মই গ’লে …মই ভাবি থাকোতেই তেওঁলোক গেট পাৰ হ’ল । ময়ো গুছি আহিলো ।

সি বুলিয়েই ক’লো ,মানে মোৰ সমবয়সীয়াই হ’ব চাগৈ । ভালদৰে দেখা নাই ।পিছে যোৱা দুসপ্তাহ ধৰি যে মই ঘৰত সোমাই আছো,পঢ়াৰ মাজতে তাকো অধ্যয়ন কৰিছো ।তাৰ hero razorback  চাইকেলখন দেখিলেই ধৰিব পাৰি দিন হৈছে বুলি ।সদায় ওলাই যায় পুৱা দহটাত ।আকৌ উভতে চাৰিতাত ।কেতিয়াবা বজাৰ কৰিও লৈ আহে ।পিঠিত বেগ এটা । মোৰ বা মোৰ লগৰবোৰৰ দৰে branded নহয় । সাজপাৰো তেনেই সাধাৰণ ।মই সদায় একেযোৰ চাৰ্ট পেণ্ট পিন্ধি যোৱাই দেখিছো । হয়তো তাৰ সকলো কাপোৰ একেধৰণৰ ,নহ’লে তাৰ কাপোৰ মাত্ৰ একেযোৰেই ।তাৰ চকুত এযোৰ চশমা ,সেইযোৰো পুৰণা ডিজাইনৰ । চুলি দীঘলো নহয় ,চুটিও নহয় ।ইমানদিনে যে মোৰ চকুত পৰা নাছিল !অৱশ্যে কেনেকৈনো পৰিব,মইতো খুব ব্যস্ত !

চকুত পৰিল সেইদিনা যেতিয়া খোলা খিৰিকীখনেৰে হঠাত বাহিৰলৈ চাইছিলো ।তেনেকৈয়ে দেখিছিলো উভতি অহাও । পিছদিনাও একে সময়তে ।তেনেকৈয়ে দুসপ্তাহ গ’ল আৰু এতিয়া যোৱা এসপ্তাহে কিবা শব্দ আহি আছে তাৰ কোঠাৰ পৰা ।

অত্যন্ত ব্যস্ত নহ’লেও ৰাস্তাটোৱেদি অহা যোৱা কৰি থাকে মানুহে ।তথাপি এই সাধাৰণ ল’ৰাটোৱে ইমান যে কৌতুহলী কৰি তুলিছে মোক সিমান কৌতুহল যদি মোৰ পদাৰ্থ বিজ্ঞানত হ’লহেতেন মই মুখস্থ বিদ্যা কেইটামান অধ্যায়ৰ কাৰনে প্ৰয়োগ নকৰাহ’লেও হ’লহেতেন ।পঢ়াৰ মাজে মাজে তাৰ চিন্তাও আহি থাকিল ।পঢ়া শুনা নাই নেকি বাৰু তাৰ !পৰীক্ষাৰ বতৰতনো এনেকৈ ঘূৰি ফূৰেনে ! হয়তো ক’ৰবাত টিউশ্যন লৈছে । তালৈকে চাগৈ অহা যোৱা ।বেচেৰা নিশ্চয় খুব ছিৰিয়াছ পঢ়া শুনাত ।

বহুদিনৰ মূৰত মই আজি মোৰ ladybird cycle খন উলিয়াই ল’লো গেৰেজৰ পৰা ।চাফা কৰি ল’লো আৰু পাম্প ভৰাই ল’লো ।সি আহিল সময়মতেই ,আগৰদৰেই । সি আগে আগে গৈ থাকিল ,মই পিছে পিছে ।সি অকল আগলৈকে চাই গ’ল ,পিছলৈ নুঘুৰিলেই ।এসময়ত চহৰৰ জান জঁটত সোমালোগৈ আৰু অলপ পাছতেই সিও হেৰাই গ’ল ।মোৰো মনত পৰিল তিনিদিন পাছত হ’ব লগা পৰীক্ষাৰ কথা ।মই ঘূৰি আহিলো ।

পৰীক্ষা দিলো ।এতিয়া সময়েই সময় । তাৰ কথা মনলৈ নহাকৈ নাছিল ।তথাপি পৰীক্ষাৰ কাৰণে সিমানকৈ ভবা হোৱা নাছিল . তাৰ পিছে দৈনন্দিন কাৰ্যসূচী সলনি হোৱা নাই  ।ঘৰৰ পৰা ওলোৱা সোমোৱা চলি আছে ।

-অ’ই coaching আহিবি ? ,ৰিয়াই ফ’ন কৰিলে ।

-আজি নাজাওঁ । মোৰ কাম এটা আছে । তহঁত যা ।

Engineering ৰ কাৰণে coaching কৰি আছো ।আজি পিছে নাজাওঁ ।

-মা মই অলপ ওলাই যাওঁ ।

-কোনফালে ? , মাৰ প্ৰশ্ন ।

-ল’ৰা এটাৰ লগত চিনাকী হওঁ ।

-ক’ৰ লৰা ?coaching যাব নোৱাৰ ?

-এ মা ! তালৈতো সদায় যাম । কিন্তু কৌতুহলক বেছি হেঁচি থ’লে যে শান্তিত থাকিব নোৱাৰি ।

-কি যে কৈছ নহয় ।

মাক সাবটি লৈ ক’লো ল’ৰাটোৰ কথা । মাক সকলো কব পাৰো ।সেইকণ সুবিধা দি থৈছে ।আমাৰ বন্ধুত্বৰ কথা শুনি এদিন ৰিয়াই কৈছিলেই ,

-তোৰে বৰ ভাল অ’ ! মোৰ আকৌ সৰুৰে পৰা মা দেউতাৰ লগত ফ্ৰী নোহোৱাকৈয়ে গ’ল । এতিয়া  নোৱাৰি আৰু ।, বৰ বেয়া লাগে ।আচলতে মোক সুখী বুলিয়েই ভাবে সকলোৱে । যেন নুচুৱেই মোক হতাশাই । সঁচা নেকি ! মই ভাবিয়েই চোৱা নাই ।

– অ…সি !,মাৰ কথা শুনি আচৰিত হ’লো ।

-সি মানে ! চিনি পোৱা !

-নাই নাপাওঁ । কিন্তু মাকক পাওঁ ।

-মানে ?

-এইবাৰ গ্ৰন্থমেলাত লগ পাইছিলো ।মানে আমি একেখন বিপণীৰ পৰা একেখিনি গ্ৰন্থই লৈছিলো ।কৌতুহল হল ,চিনাকী হলো .

-কি কোৱা মা !আজিৰ মানুহে এজনে আনজনক প্ৰয়োজন নহ’লে নামাতেই আৰু তুমি চিনাকী হলা অচিনাকী মানুহৰ লগত !

-সকলোৱে কৰিলে বুলিয়েই ময়ো কৰিম নেকি কাম এটা ?আকৌ সকলোৱে নকৰিলে বুলিয়েই মই নকৰিম নেকি ?

-এয়াহে মোৰ মা জনী । ছোৱালী চাই মাক ।বাৰু মাকৰ নাম কি ?কি কৰে ?কেতিয়াৰ পৰা ইয়াত থাকিবলৈ লৈছে ? তুমি আমাৰ ঘৰলৈ মতা নাই যে !

-এহ এইজনী । ৰচোন লাহে লাহে কবলৈ দে । মাকৰ নাম অৰ্পণা বৰা । চিত্ৰশিল্পী ,অন্তৰ্মূখী । ইয়ালৈ অহা দুমাহ মানেই হল । কোনো চিনাকীও নাই ইয়াত । মোৰ  লগতহে বোলে প্ৰথম চিনাকী হৈছে,তাকো মই ইচ্ছা কৰোৰ কাৰণেহে ।ল’ৰাটোৰ কথা উলিয়াওতেই ৰিক্সাখন ঘৰৰ ওচৰ পালেহি । আৰু পতা নহল । কিন্তু তই কওঁতেই ধৰিব পাৰিলো তেৱেই হব বুলি । বৰ friendly তেওঁ ।কিন্তু নিজে প্ৰথমে নামাতে । হওঁক দে ,বহুদিনৰ মূৰত গাড়ীত নগৈ ৰিক্সাত গৈ নতুন বান্ধৱী লগ পালো । লাভেই হল ।

-মা কি যে নহয় তুমি । মাতিব নোৱাৰিলা আমাৰ ঘৰলৈ ?

-তেওঁ মাতিছিল । মই যাম বুলি কলো । কিন্তু এইকেইদিন অফিচৰ কামত বৰ ব্যস্ত হৈ গলো । যাব লাগিব সময় পালেই । বাৰু মোৰ সোণজনী,মই যাওঁদেই । মোৰ দেৰি হৈছে ।

-উম্ যোৱা ।

মা গ’ল ওলাই । ময়ো ওলাই গলো । দেউতা কামত লাগি আছে । তেওঁ কমিকচ প্ৰকাশ কৰে । সৰুৰে পৰা ৰাপ আছিল লিখা মেলাত ।কলেজত থাকোতেই এই বিষয়ে চিন্তা আহিছিল । ইয়াৰ জৰিয়তে শিশুৰ মনত ইতিবাচক চিন্তাবোৰ দিব পাৰি । ছবিয়ে বেছি কথা ক’ব পাৰে । ইফালে হাতত পইচা নাছিল । তথাপি প্ৰথম কাহিনীটো হৈ গ’ল ।য’ত ইচ্ছা থাকে তাত কিবা নহয় কিবা ৰাস্তা নিশ্চয় থাকে । ককাই প্ৰথমে পঢ়া শুনা নকৰি এইবোৰ কৰাৰ বাবে ধমক দিলে যদিও শেষত সহায় কৰিলে। আৰু প্ৰকাশ হোৱাৰ লগে লগে শিশুসকলেও আদৰি ললে ।ইয়াত বেছি সময় দিবলগা হোৱাত দেউতাৰ পঢ়াৰ কাৰণে সময় কমি গল । আৰু শেষত হবী হিচাপে আৰম্ভ কৰা বিষয়টোৱেই দেউতাৰ জীৱন হৈ পৰিল ।কেইবাটাও ছিৰিজৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈছে । দেউতাহঁতেও বেছি সময় দিব লগা হৈছে ।

অজি সি ওলাই যোৱা নাই । ঘৰতে আছে নিশ্চয় ।মই দুৱাৰমুখ পালোগৈ । কলিং বেলত হাত দিলো । আধা মিনিটমান পাছত এগৰাকী মহিলাই দুৱাৰখন খুলিলেহি ।তেওঁ তাৰ মাক বুলি দেখাৰ লগে লগে চিনি পালো ।তেওঁৰ হাতত আৰু কাপোৰত ৰং লাগি আছিল । তথাপি সুধিলো,

-অৰ্পনা বৰাক লগ পাম নেকি ?

-আহকচোন ।

মোক বহিবলৈ দিলে । কোঠাটোত সুন্দৰ সুন্দৰ ছবিবোৰ ভৰি আছে ।মই তাতেই হেৰাই গৈছিলো । তেওঁৰ মাতত হে বাস্তৱলৈ ঘূৰি আহিলো । মই মাৰ কথা কৈ চিনাকী দিয়াত তেওঁ বৰ ভাল পোৱা যেন লাগিল ।

-মই তোমাক চিনি পোৱা নাছিলো । বেয়া নাপাবা দেই । ,তেওঁ কলে ।

মায়ে ঠিকেই কৈছিল বৰ friendly তেওঁ ।অন্তৰ্মূখীসকল সাধাৰণতে এনেকুৱাই হয় ।

-নাই খুৰী কিয় বেয়া পাম !

আমি এনেকৈয়ে অলপপৰ কথা পাতিলো । classical music বাজি আছে । মই আচৰিত হোৱা নাই ।সংগীতে মানুহৰ সৃষ্টিশীলতাক অনুপ্ৰেৰণা দিয়ে । তথাপি সুধিলো ,

-classical music শুনে আপুনি ?

-উম্,পিচে সেয়া মোৰ লৰা সমীৰণৰহে ।মানে সি শুনি আছে । তুমি চিনাকী হবাচোন । তাৰ বন্ধু বুলিবলৈ কোনো নাই ।

-মানে !

-তাক স্কুললৈ পঠিওৱা নহলেই ।  মানে সৰুৰে পৰা সি অলপ বেলেগধৰণৰ । কি যে আচহুৱা কথাবোৰ কৈছিল সি । পিছে পঢ়াশুনাত মন নাই । অনৰবৰত কিবা কিবি ভাবি থাকে । আঁক বাক কৰি থাকে । কাৰো লগত মাত বোল নকৰে । মই ভাবিলো সি হয়তো চিত্ৰশিল্পত প্ৰতিভা লৈ আহিছে । সেয়ে তাক শিকাবলৈ ললো । পিছে লাহে লাহে মই আৱিস্কাৰ কৰিলো যে তাৰ প্ৰতিভা শিল্পকৰ্মত নহয় ,বিজ্ঞানৰ ক্ষেত্ৰতহে ।

-বয়স ?

-ঊনৈশ ।

-পিছে ডিগ্ৰী ডিপ্লমা এইবোৰনোহোৱাকৈ …..

-সেইবোৰেই জানো যথেষ্ট প্ৰতিভা জুখিবলৈ ?

অলপসময় নীৰৱতা বিৰাজ কৰিলে কোঠাত ।মই মাত  লগালো ,

-মোৰ আচলতে অহাৰ কাৰণটো সিয়েই ।মানে সদায় ওলাই যায় যে চাইকেল লৈ ,প্ৰায় একেসময়তেই ।

-সি সদায় নিপম বৰাৰ ওচৰলৈ যায় ।

-মহান উদ্ভাৱক নিপম !….

-হয় তেৱেঁই । ,তেওঁ হাঁহিলে ,তেওঁৰ ওচৰলৈ সৰুতেই লৈ গৈছিলো এদিন । মানে তেওঁ এদিন বক্তৃতা অনুষ্ঠান এটাত বক্তৃতা দি থাকোতে সি অনেক প্ৰশ্ন কৰিছিল । আঠ বছৰীয়া লৰাটোৰ প্ৰশ্নবোৰ শুনি তেওঁ মোৰ লগত চিনাকী হৈ তাৰ কথা সুধিছিল ।   তেতিয়াই লৈ গৈছিলো তাক তেওঁৰ পৰামৰ্শমতে তেওঁৰ ওচৰলৈ ।তেতিয়াৰ পৰাই তেওঁৰ লগত আছে সি ।

-খুৰী ,মই তাৰ লগত চিনাকী হ’ব বিচাৰো ।

-নিশ্চয় ,যোৱা ।অলপ মানুহৰ সান্নিধ্য সিও পাওক । নহ’লে কাৰো লগতেই  কথা নাপাতে সি ।

মাকে কোঠাটোলৈ লৈ গল . তাৰ অধ্যয়নৰ কোঠা হয়তো ।কেৱল মাত্ৰ কিতাপ আৰু কিতাপ কোঠাটোত । অ’ত  ত’ত পৰি আছে বিভিন্ন টোকাবহী । কোনোখন জাপ খোৱা ,কোনোখন মেল খোৱা । এটা  কম্পিউটাৰ অন হৈ আছে । এদ’ম কিতাপৰ মাজত লুকাই যোৱাৰ দৰে বহি আছে সি।চশমা পৰিহিত,গভীৰ মনোযোগেৰে পঢ়ি আছে ,হাতত এটা কলম । আমাৰ উপস্থিতিৰ কথা গমেই নাপাই ।মাকে সংগীতৰ শব্দ কমাই দিলে । মোৰ কথা চমুকৈ কলে ।সি এবাৰ মূৰ তুলি চালে আৰু আকৌ কলমটোৰে উকা কাগজখনত কিবা আঁক বাক কৰিবলৈ ধৰিলে । মাক ইতিমধ্যে ওলাই গ’ল ।প্ৰায় দহ মিনিটমান পাছত তাৰ চকুত প্ৰাপ্তিৰ জিলিকনি দেখিলো । এবাৰ হাঁহিলে ।আৰু পুনৰ দুই মিনিটৰ বাবে কিবা এটা আঁকিলে । মই অবাক হৈ চাই থাকিলো ।

-খুব ব্যস্ত !মই পিছত আহিম তেতিয়াহলে ।

মই যাবলৈ লওঁতেই সি ক’লে ,

-অহ! অকণমান ৰ’বা ।আৰু sorry ,মই ভালদৰে কথা বতৰা পাতিব নাজানো ।

মোৰ আচৰিত হোৱাৰে কথা ।ৰ’বলৈ কৈছে !কিয় বা !

অকণমানি যন্ত্ৰ এটা উলিয়ালে আৰু সেইটো খুলি লৈ অলপ কিবা কিবি কৰি থাকিল । মই হ’লে তাৰ কাণ্ড কাৰখানাৰ একো আতিগুৰি নাপালো ।যন্ত্ৰটো মবাইল সদৃশ ।

-বেয়া নোপোৱা যদি বুঢ়়া আঙুলিটো সেই চিনটোত ৰাখিবা?,সুধিলে মোক ।

-কিন্তু…

-ভয় খাব নালাগে ।

মই গেৰো গেথো কৰি থাকি অৱশেষত তাৰমতেই কৰিলো।  সি তাৰ মুখত হাঁহি এটা আঁকি ল’লে ।

-তুমি অভিনয় কৰি থাকা যে কিয়!

-মই !

-উম্ ,তুমি ।

-কি কথা  কৈছা আকৌ ?

-সঁচা কথাই কৈছো । মোৰ যন্ত্ৰ মিছা হ’বই নোৱাৰে ।তোমাৰদ্বাৰা ইয়াৰ প্ৰথম  ব্যৱহাৰ কৰা হ’ল এইমাত্ৰ ।

-কি যন্ত্ৰ এইটো ?

-নাম ভবা নাই ।

-কাম ?

-বুজিবাই ।

-তুমি বৰকৈ কথাই নোকোৱা ,কেনেকৈ বুজিম ?

-আজিলৈকে প্ৰয়োজনেই হোৱা নাই ।পৰিস্থিতি চাই কথা ক’ব পাৰিম নিশ্চয় ।

-কোৱা তেতিয়াহ’লে ।

মই কৌতুহলত ৰ’ব নোৱাৰা হলো ।ইমানদিনে মানে এইবোৰকে কৰি আছিল সি !সঁচাই বৰ আচৰিত প্ৰাণী দেই !

-কওঁ শুনা তেতিয়াহলে । তুমি খুব হতাশাত ভোগা ।পিছে পৃথিৱীৰ পৰা লুকুৱাবৰ বাবেই সুখৰ আৱৰণখন টানি লৈছা ।তুমি দিনে দিনে বেছি হতাশ হৈ গৈছা ।তুমিও নাজানা এই হতাশাৰ কাৰণ ।কিন্তু এইটোও সঁচা যে তোমাক ই নীৰৱে শোষণ কৰিছে ।Am I wrong ?

মই তলমূৰ কৰিলো ।চকুলো বৈ আহিব ধৰিছিল,বাধা দিলো ।দুবাৰ মূৰ দুপিয়ালো ।

-ভয় খাব নালাগে ।কেৱল তুমিয়েই ভুক্তভোগী নহয় ।ভাবাচোন ,হতাশাই তোমাৰ যিমান শক্তিৰ অপব্যয় কৰিছে সিমান শক্তি যদি ইতিবাচক শক্তিৰূপে তোমাৰ হাতত  থাকিলহেঁতেন ! কিমান কি যে কৰিব পাৰিলাহেতেন !

-আৰু পৃথিৱীৰ প্ৰত্যেকেই যদি সেই ইতিবাচক শক্তিৰ গৰাকী হ’লহেতেন !

-exactly !

-তাৰমানে ?

-এইমাত্ৰ তুমি কোৱা কথাটোৱেই তাৰ সমাধান ।মোৰ যোৱা চাৰিবছৰৰ সাধনাৰ ফল ।ই কেনেকৈ কাম কৰে আভাস পালাই নিশ্চয় । অলপ পাছতেই বুজিও পাবা ভালকৈ ।

সি দেখুৱাই দিয়ামতে টিপিলো যন্ত্ৰটোত ।একো প্ৰতিক্ৰিয়া নহল ।মোৰ চকুত প্ৰশ্নবোধক দেখি ক’লে ,

-ভাল কামবোৰ ইমান লগে লগে নহয় ,ধৈৰ্য ধৰা ।মায়ে চাগৈ খোৱাৰ যোগাৰ কৰিছে । তাৰ আগতেই এপাক ওলাই যাওঁ বলা  ।তুমি গমেই নাপালা সময় কিমান হৈ গ’ল । বেলি ডুবিবৰ হ’ল ।বহুদিন হল সূৰ্যাস্ত চোৱা নাই ।চাইকেল আছে নহয় ?

-তুমি সূৰ্যাস্ত ভাল  পোৱা !

সি হাঁহিলে ।

আমি দুয়ো ওলাই আহিছো দুখন চাইকেল লৈ ।মোৰ পিছে এনে লাগিছে যেন মই সলনি হৈ পৰিছো লাহে লাহে ।বস্তুবোৰক বেলেগকৈ অলুভৱ কৰিছো ।নাজানো এয়া স্বাভাৱিক নে তাৰ যন্ত্ৰৰ ক্ৰিয়া ।

সি মচগুল সূৰ্যাস্ত উপভোগ কৰাত ।

(লেখক- প্ৰীতম বৰা)

———-সমাপ্ত———–

Advertisements

4 thoughts on “জোনাক

  1. সুন্দৰ এক পদক্ষেপ প্ৰীতম । এনেদৰে লেখি যোৱা । তাৎপৰ্য পূৰ্ণ এটি গল্প ।

    Liked by 1 person

  2. চিন্তাটো ভাল কৰিছা ৷সাহিত্যৰ দিশেৰে কৰিবলগা কাম আছে কেইটামান ৷ বিশেষকৈ শব্দ ব্যংৰ ক্ষেত্ৰত ৷লগ পালে ক’ম দিয়া ৷overall ভাল হৈছে ৷ লিখি যোৱা ৷

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s